Multilingual Dictionary

Showing 632 lexicographical entries

অধিবক্তা জাতিবাচক বিশেষ্য

আইন সেৱা আগবঢ়োৱা আৰু আদালত বা ন্যায়ালয়ত ওকালতি কৰা লোক|

English: advocate English: lawyer English: barrister English: legal practitioner
অনুকৰণ গুণবাচক বিশেষ্য

আনৰ আৰ্হি লৈ নকল কৰা বা হুবহু একে কৰা

English: follow English: imitation
অনুগমন গুণবাচক বিশেষ্য

পাচে পাচে যোবা অথবা একে মতবাদকে মানি চলা ৷

English: following
অনুজ্জ্বল প্ৰকৃত বিশেষণ

সকলো কাম লাহে-লাহে কৰা আৰু বুদ্ধি নথকা|

English: dull English: dumb English: insipid English: dim
অনুজ্ঞাপত্ৰ বস্তুবাচক বিশেষ্য

কোনো কাম কৰিবলৈ দিয়া চৰকাৰী আৰু আইনী অনুমোদনপত্ৰ ৷

English: licence
অন্ত গুণবাচক বিশেষ্য

যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷

English: end English: finish English: expiry
অন্তৰ্ধান কৃদন্ত বিশেষ্য

দৃষ্টিৰ পৰা আঁতৰ হৈ যোৱা কাৰ্য্য

English: disappearance
অন্তৰ্বাস বস্তুবাচক বিশেষ্য

পোছাকী কাপোৰৰ তলত পিন্ধা কাপোৰ

English: innerwear English: underwear English: undergarment English: lingerie
অন্তৰায় গুণবাচক বিশেষ্য

কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা

English: obstacle English: obstruction English: resistance English: blockade
অন্তৰীক্ষ গুণবাচক বিশেষ্য

পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰলৈ থকা খালি ঠাই

English: space English: outer space
অনুদান গুণবাচক বিশেষ্য

নিদিয়াকৈ জব্দ কৰি ৰাখিব পৰা কোনো বস্তু দাবীদাৰ বা আবেদনকাৰীক দিয়া; সৌজন্য বা অধিকাৰ হিছাপে দিয়া

English: grant English: accord English: award
অন্ধ প্ৰকৃত বিশেষণ

চকুৰে দেখা নোপোৱা ৷

English: blind English: sightless
অন্ধবিশ্বাস গুণবাচক বিশেষ্য

যুক্তি বা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা এক বিশ্বাস বা ধাৰণা।

English: superstition
অনন্ত গুণবাচক বিশেষ্য

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷

English: God English: almighty English: Jagannath English: endless
অনুপস্থিত প্ৰকৃত বিশেষণ

উপস্থিত নথকা বা বৰ্তি নথকা

English: missing English: absent English: lacking English: absentee
অনুপস্থিতি গুণবাচক বিশেষ্য

উপস্থিত নথকা অৱস্থা

English: absence English: truancy English: absenteeism
অণুবীক্ষণ-যন্ত্ৰ বস্তুবাচক বিশেষ্য

সাধাৰণ চকুৰে দেখা নোপোৱা বস্তু চাবলৈ বহুতো লেন্স্ লগ-লগাই সাজি উলিওৱা এবিধ আলোক যন্ত্ৰ ৷

English: microscope
অনুমতি গুণবাচক বিশেষ্য

কোনো কাম কৰিবলৈ দিয়া সন্মতি

English: access English: admittance
অন্য সৰ্বনাম

বহুতৰ ভিতৰত এজন/এটা ৷

English: another English: other
অন্যতম প্ৰকৃত বিশেষণ

বহুত মানুহৰ মাজত বিশেষভাৱে পৰিচিত৷

English: one of many