Multilingual Dictionary

Showing 632 lexicographical entries

অৱহিত প্ৰকৃত বিশেষণ

মনোযোগ দিয়া, অৰ্থাত্ ভালকৈ মন লগোৱা

English: attentive English: heedful
অৱৰোধ গুণবাচক বিশেষ্য

কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা

English: obstacle English: obstruction English: resistance English: blockade
আই জাতিবাচক বিশেষ্য

গৰ্ভধাৰণ কৰি এটা শিশুক জন্ম দিয়া বা লালন-পালন কৰা এগৰাকী নাৰী

English: mother English: mom English: mammy English: pox
আইতা জাতিবাচক বিশেষ্য

মাক বা দেউতাকৰ মাক

English: grandmother English: grandma English: granny
আইন গুণবাচক বিশেষ্য

ন্যায়িক সিদ্ধান্তৰ দ্বাৰা স্বীকৃত বা প্ৰৱৰ্ত্তিত বিধি বা ৰীতি ৰূপে কোনো কৰ্ত্তৃপক্ষৰ দ্বাৰা প্ৰতিস্থাপিত আৰু ইয়াৰ অধীনস্থ সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি আৰু আদৰ্শ

English: law English: legislation
আউল গুণবাচক বিশেষ্য

টানত পৰি বিতত বা বিবুদ্ধি অৱস্থা।

English: confusion English: perplexity English: perturbation English: pother
আকৃতি বস্তুবাচক বিশেষ্য

যিকোনো বস্তু যি ৰূপ বা অৱস্থাত বৰ্ত্তি থাকে বা আৱিৰ্ভাব হয়৷

English: shape English: feature English: form English: structure
আকৃষ্ট কৃদন্ত বিশেষণ

কোনোবা বা কিহবাৰ ফালে টনা বা গতি কৰাৰ প্ৰৱণতা দেখুওৱা

English: attracted
আক্ষৰ গুণবাচক বিশেষ্য

অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন

English: letter English: script
আকস্মিক প্ৰকৃত বিশেষণ

আগ-জাননী নোহোৱাকৈ

English: sudden English: abrupt
আকাংক্ষা গুণবাচক বিশেষ্য

কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ

English: wish English: dream English: desire English: hope
আকাশ গুণবাচক বিশেষ্য

ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি

English: sky English: van
আকাশী প্ৰকৃত বিশেষণ

আকাশ বা শূন্যত হোৱা বা বাস কৰা ৷

English: aerial
আকাশী জাহাজ বস্তুবাচক বিশেষ্য

মানৱ নিৰ্মিত উৰিব পৰা যান্ত্ৰিক বাহন

English: aeroplane English: plane English: airplane English: aircraft
আক্ৰমণ গুণবাচক বিশেষ্য

অপকাৰ কৰিবৰ মনেৰে খেদি ধৰা; অস্ত্ৰ লৈ অথবা বিনা অস্ত্ৰে ৷

English: attack English: invasion
আকৰ্ষণ কৰ্ সকৰ্মক ধাতু

শাৰীৰিক সান্নিধ্য অবিহনে, কিন্তু এক অদৃশ্য শক্তিৰ জৰিয়তে কোনো বস্তু বা মানুহক আন বস্তু বা মানুহৰ ওচৰ চপাই অনা

English: attract English: pull
আকৰ্ষিত কৃদন্ত বিশেষণ

কোনোবা বা কিহবাৰ ফালে টনা বা গতি কৰাৰ প্ৰৱণতা দেখুওৱা

English: attracted
আক্ৰান্ত প্ৰকৃত বিশেষণ

কোনো বেমাৰ-আজাৰ আদিৰ কৱলত পৰা ৷

English: infected English: hit English: affected
আখ্যান জাতিবাচক বিশেষ্য

বহুদিনৰপৰা লোকৰ মুখে মুখে চলি অহা বা শুনা কথা ।

English: legacy English: legend English: narrative English: mythology
আখৰ গুণবাচক বিশেষ্য

অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন

English: letter English: script