Multilingual Dictionary

Showing 632 lexicographical entries

অতিৰঞ্জিত কৰ্ সকৰ্মক ধাতু

বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্

English: exaggerate English: magnify
অতিৰিক্ত প্ৰকৃত বিশেষণ

প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷

English: excessive English: additional English: surplus English: extra
অথবা যোজক অব্যয়

দুই বা ততোধিক সমান বিকল্পক সংযোগ কৰা শব্দ

English: or
কৰচ্ সকৰ্মক ধাতু

কৰ-কৰ শব্দ কৰি চোবোৱা

English: gnaw English: gnash
অধীক্ষক জাতিবাচক বিশেষ্য

তদাৰকৰ দায়িত্ববাহী বিষয়া বা ব্যক্তি, উৰ্দ্ধতন কাৰ্য্যনিৰ্বাহক

English: superintendent
অধম প্ৰকৃত বিশেষণ

গুণাগুণ বা মানৰ ক্ষেত্ৰত অতি তলখাপৰ।

English: inferior English: ignoble
অধ্যক্ষ জাতিবাচক বিশেষ্য

কোনো সভা, কমিটি বা অনুস্থানৰ মুখ্য বিষয়া৷

English: chairman English: speaker English: principal
অধ্যয়ন গুণবাচক বিশেষ্য

পঢ়ি আৰু লিখি জ্ঞান আহৰণ কৰা

English: study English: reading
অধ্যাপক জাতিবাচক বিশেষ্য

মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়োৱা শিক্ষক ৷

English: professor
অধ্যাভূতি গুণবাচক বিশেষ্য

কোনো কোম্পানীয়ে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সময়ত গ্ৰাহক নিদিষ্ট সময়ৰ ভিতৰত সামগ্ৰীটো বেয়া হ’লে কোনো ধৰণৰ অৰ্থ নোলোৱাকৈ তাক ভাল কৰি দিবলৈ বা সলনি কৰি দিবলৈ প্ৰদান কৰা অঙ্গীকাৰ৷

English: warranty
অধ্যায় গুণবাচক বিশেষ্য

কোনো কিতাপ বা প্ৰতিবেদনৰ কোনো এটা বিষয়ৰ ওপৰত লিখা অংশ

English: article English: chapter
অধিক প্ৰকৃত বিশেষণ

বিশাল সংখ্যা বা পৰিমাণত

English: many English: much English: more English: several
অধিকতম প্ৰকৃত বিশেষণ

আটাইতকৈ বেছি পৰিমাণৰ ৷

English: maximum
অধিকাংশ গুণবাচক বিশেষ্য

মুঠ বা সমগ্ৰৰ আধাতকৈ অধিক সংখ্যা বা শতাংশ; অধিকতৰ পৰিমাণ বা অংশ; অধিকতৰ ভোট লাভ কৰা গোট বা ৰাজনৈতিক দল

English: majority English: lion`s share
অধিকাৰ গুণবাচক বিশেষ্য

এজন ব্যক্তিক আইন, পৰম্পৰা বা প্ৰকৃতিৰ দ্বাৰা প্ৰদত্ত।

English: rights English: franchise English: authority English: owner
অধিকাৰী জাতিবাচক বিশেষ্য

সম্পত্তি, ব্যৱসায় আদি যাৰ হাতত বা নামত আছে, তেনে লোক

English: owner English: proprietor English: Sankardev English: Xongkordev
অধিকোষ গুণবাচক বিশেষ্য

ধন জমা ৰখা আৰু প্ৰয়োজন অনুসৰি ধন ধাৰলৈ দিয়া প্ৰতিষ্ঠান৷

English: bank
অধিগম্য প্ৰকৃত বিশেষণ

যাৰ ওচৰলৈ যাবলৈ, ভিতৰত প্ৰৱেশ কৰিবলৈ, বা যিটো ব্যৱহাৰ কৰিবলৈ সহজ ৷

English: accessible
অধিনিয়ম গুণবাচক বিশেষ্য

কোনো বিধায়িনী, প্ৰশাসক, ন্যায়ালয় বা অন্য কৰ্ত্তৃপক্ষই গ্ৰহণ কৰা আনুষ্ঠানিক সিদ্ধান্ত, আইন আদি

English: act English: enactment
অধিপত্ৰ গুণবাচক বিশেষ্য

আদালত বা কোনো যোগ্য কৰ্ত্তৃপক্ষৰ পৰা জাৰি হোৱা লিখিত হুকুম বা জাননী

English: warrant