Multilingual Dictionary

Showing 632 lexicographical entries

অহঙ্কাৰ গুণবাচক বিশেষ্য

মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।

English: arrogance English: conceit
অহা প্ৰকৃত বিশেষণ

কোনো নিৰ্দ্দিষ্ট সময়ৰ পাছত অহা বা থকা

English: next English: coming English: subsequent
অহোপুৰুষাৰ্থ কৃদন্ত বিশেষ্য

বাৰে বাৰে অতি কষ্ট কৰি কৰা যত্ন বা পৰিশ্ৰম৷

English: toil
আৰ্জন গুণবাচক বিশেষ্য

নিজৰ জীৱিকাৰ জৰিয়তে অৰ্জা ধন

English: earnings English: income
অৰণ্য গুণবাচক বিশেষ্য

বনৰীয়া গছ-গছনিৰে ভৰি থকা এলেকা।

English: jungle English: forest English: wild English: woodland
অৰ্থ গুণবাচক বিশেষ্য

আৰ্থিক বা বিনিময় মূল্য থকা সকলো বস্তু

English: wealth English: finance English: meaning English: semantic
অৰ্থাৎ যোজক অব্যয়

এটা শব্দক তাৰ বিশদ অৰ্থ বা বিকল্প ব্যাখ্যাৰ সৈতে সংযোগ কৰা শব্দ

English: meaning English: that is English: i.e. English: mean
অৰ্হতা গুণবাচক বিশেষ্য

নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা

English: skill English: expertise English: expertize English: forte
অৰিহণা গুণবাচক বিশেষ্য

কোনো সত ৰাজহুৱা কামৰ বাবে দিয়া ধন বা বস্তু

English: contribution
অৱকাশ গুণবাচক বিশেষ্য

নিজে ভাল পোৱা কাম কৰি আলাসত সময় কটোৱা অৱস্থা

English: leisure English: recess
অৱগত কৰ্ সকৰ্মক ধাতু

কোনো এক বিষয়ত সম্যক ধাৰণা দিয়া ৷

English: inform English: report English: acquaint English: apprise
অৱতাৰণা গুণবাচক বিশেষ্য

কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

English: start English: beginning English: starting English: initiation
অৱতীৰ্ণ কৃদন্ত বিশেষ্য

ভাগ লোৱা বা অংশ গ্ৰহণ কৰা কাৰ্য্য৷

English: participation
অবতৰণ কৰ্ অকৰ্মক ধাতু

উৰাজাহাজ বা পক্ষীয়ে আকাশৰ পৰা নামি আহি মাটিত পৰা

English: land English: descend
অৱদান দে অকৰ্মক ধাতু

কিবা এটা ভাল কামৰ বাবে টকা-পইছা অথবা আন সহায় আগবঢ়া ৷

English: contribute
অৱনতি কৃদন্ত বিশেষ্য

মূল্য বা ব্যৱহাৰোপযোগিতা হ্ৰাস হোৱা; গুণ, চৰিত্ৰ বা মানৰ ক্ষেত্ৰত উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পৰ্য্যবশিত হোৱা

English: deterioration English: declension
অৱস্থা গুণবাচক বিশেষ্য

মানুহ বা বস্তুৰ বৰ্ত্তি থকা ধৰণ বা ৰূপ

English: state English: situation English: condition English: mode
অৱস্থান গুণবাচক বিশেষ্য

কোনো বস্তু বা কাৰোবাৰ পাৰ্থিৱ অৱস্থান

English: address English: whereabouts English: location English: position
অৱসৰ গ্ৰহণ কৰ্ অকৰ্মক ধাতু

নিজৰ বৃত্তি, ব্যৱসায় বা অফিচৰ সক্ৰিয় কাৰ্য্যৰ পৰা আঁতৰি অহা বা কাম কৰাৰ পৰা স্থায়ীভাৱে অব্যাহতি লোৱা৷

English: retire
অৱসৰপ্ৰাপ্ত কৃদন্ত বিশেষণ

নিজৰ বৃত্তি বা সেৱাৰ লগত জড়িত নথকা বা তাৰ পৰা অব্যাহতি লোৱা

English: retired English: superannuated English: Emeritus