Multilingual Dictionary

Showing 632 lexicographical entries

আপোনাৰ সৰ্বনাম

কোনো ব্যক্তি বা বস্তুৰ, একেটাৰ বা একেজনৰ, অৰ্থাৎ নিজৰ।

English: own English: ownself English: your English: to you
আবণ্টন কৃদন্ত বিশেষ্য

কোনো নিয়ম অনুসৰি অথবা কোনো বিশেষ কাৰণত বিলাই দিয়া কাৰ্য্য

English: allocation
আৱিষ্কাৰ গুণবাচক বিশেষ্য

কোনোৱে আগেয়ে নেদেখা, নুশুনা বা মন নকৰা কথা বা বস্তু বিছাৰি উলিওৱা

English: discovery English: invention Mising: Karyinam Mising: Iknam
আবিৰ্ভাৱ হ কৃদন্ত বিশেষ্য

ক’ৰবাৰ পৰা আহি পোৱা কাৰ্য্য

English: appear English: seem English: appearance
আবেলি গুণবাচক বিশেষ্য

দুপৰীয়াৰ পৰা সূৰ্য্যাস্তলৈকে সময়ছোৱা|

English: afternoon
আবৰ্জনা বস্তুবাচক বিশেষ্য

নলগা বা নিবিছৰা যিকোনো বস্তু

English: garbage English: trash English: waste English: junk
আম জাতিবাচক বিশেষ্য

ডাঙৰ ডিম্বাকাৰ ফলৰ বাবে খেতি কৰা গ্ৰীষ্মপ্ৰধান অঞ্চলৰ চিৰসেউজ এবিধ গছ ৷ ফলবোৰৰ নিমজ বাকলি, ৰসাল সুগন্ধী শিঠা আৰু ডাঙৰ আঁহযুক্ত গুটি থাকে ৷

English: mango English: mangifera indica English: mucus
আমদানি কৰ্ সকৰ্মক ধাতু

বেলেগ দেশ বা অঞ্চলৰ পৰা সামগ্ৰী অনা

English: import
আমাৰ সৰ্বনাম

বহুবচনত প্ৰথম পুৰুষৰ বা নিজৰ বুজোৱা শব্দ

English: our
আমি সৰ্বনাম

মই শব্দৰ বহুবচন|

English: we
আমোদ গুণবাচক বিশেষ্য

হাঁহি অথবা আনন্দ যোগাব পৰা কোনো বস্তু; আনন্দ যোগোৱা কাৰ্য্য

English: amusement English: entertainment English: fun English: frolic
আয়ুক্ত জাতিবাচক বিশেষ্য

কোনো বিভাগ অথবা জিলাৰ দায়িত্বত থকা মূৰব্বী বিষয়া ৷

English: commissioner
আয়ুস গুণবাচক বিশেষ্য

জন্মৰপৰা বৰ্তমানলৈকে অথবা মৃত্যু/ধ্বংস হোৱালৈকে সময়খিনি ৷

English: age English: longivity
আল্লা গুণবাচক বিশেষ্য

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷

English: God English: almighty English: Jagannath
আলহী জাতিবাচক বিশেষ্য

আনৰ ঘৰ বা আয়োজিত অনুষ্ঠানত যি অভ্যৰ্থনা পোৱাৰ যোগ্য

English: guest English: visitor
আলাপ গুণবাচক বিশেষ্য

দুজনৰ মাজত ইজনে সিজনৰ সৈতে পতা কথা

English: conversation English: colloquy English: prelude
আলি জাতিবাচক বিশেষ্য

দুখন ঠাইৰ মাজত অহা-যোৱা কৰাৰ বাবে বন্ধা দীঘল, সমান আৰু মিহি মাটিৰ লোৰ

English: road English: street English: lane English: way
আলিবাট জাতিবাচক বিশেষ্য

দুখন ঠাইৰ মাজত অহা-যোৱা কৰাৰ বাবে বন্ধা দীঘল, সমান আৰু মিহি মাটিৰ লোৰ

English: road English: street English: lane English: way
আলোক গুণবাচক বিশেষ্য

শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে

English: light English: lustre English: gloss English: luster
আলোচনা গুণবাচক বিশেষ্য

কোনো বিষয় সম্পৰ্কে গভীৰভাৱে পতা কথা-বতৰা

English: discussion