Multilingual Dictionary

Showing 632 lexicographical entries

আবদ্ধ কৃদন্ত বিশেষণ

কেইওফালে বেৰি আটক কৰা বা হোৱা|

English: trapped English: blocked English: confined English: obstructed
আৱশ্যক প্ৰকৃত বিশেষণ

Having the requirement of need

English: necessity
আৱশ্যকীয় প্ৰকৃত বিশেষণ

কোনো নিৰ্দ্দিষ্ট ফলাফল বা কাৰ্য্যকাৰিতা অৰ্জন কৰাৰ বাবে যাক লাগে

English: essential English: necessary English: required English: vital
ইংৰাজী প্ৰকৃত বিশেষণ

ইংৰাজৰ বা ইংলেণ্ড সম্পৰ্কীয়

English: english
ইউৰেনাচ্ সংজ্ঞাবাচক বিশেষ্য

বৰফ কনিকাৰ বলয়ৰে আবৃত্ত সৌৰজগতৰ সপ্তম গ্ৰহ ৷ ইয়াৰ বৰণ নীল-সেউজীয়া আৰু অসংখ্য উপগ্ৰহ আছে (অতি কমেও ২১ টা) ৷ ১৭৮১ ইং চনত উইলিয়াম হাৰ্চেলে এই গ্ৰহটো আৱিস্কাৰ কৰিছিল ৷

English: uranus
ইচ্ছা গুণবাচক বিশেষ্য

কোনোবাই কিবা পাবলৈ কৰা হেঁপাহ ৷

English: wish English: will
ইচ্ছাপত্ৰ গুণবাচক বিশেষ্য

মৃত্যুৰ পিছত পূৰণ কৰিব লগীয়া নিজৰ মনোবাঞ্ছা লিপিবদ্ধ কৰা এখন নথি

English: will
ইত্যাদি গুণবাচক বিশেষ্য

একে ধৰণৰ বিশেষভাবে চিনাক্ত নকৰা ইটো-সিটো ৷

English: etc English: etcetera
ইতি গুণবাচক বিশেষ্য

যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷

English: end English: finish English: expiry
ইতিমধ্যে সমন্ধবাচক অব্যয়

বৰ্তমান সময়ৰ আগতে ৷

English: already English: in the mean time
ইয়াক সৰ্বনাম

মানুহ অথবা আন কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ হয়; সাধাৰণতে নিকটবৰ্তী জন/টোক বুজোৱা হয় ৷

English: it
ইয়াত সৰ্বনাম

বক্তা বা লেখক যি ঠাইত থাকে সেই ঠাই ৷

English: here
ইয়াৰ সৰ্বনাম

উল্লেখিত কোনো বস্তু অথবা মানুহৰ ৷

English: it`s
ইলেক্ট্ৰন বস্তুবাচক বিশেষ্য

লেপ্টন পৰিয়ালৰ এটা সুস্থিৰ প্ৰাথমিক মৌল, যাৰ ভৰ হৈছে ৯.১০৭×১০<sup>-২৮</sup> গ্ৰাম আৰু আধানৰ পৰিমান হৈছে -১.৬০২×১০<sup>-১৯</sup> কুলম্ব ৷ কোনো পৰমানুত ইলেক্ট্ৰনবোৰে ধনাত্মক নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে ৷

English: electron
ঈশ্বৰ গুণবাচক বিশেষ্য

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷

English: God English: almighty English: Jagannath
উক্ত প্ৰকৃত বিশেষণ

বৰ্ত্তমানৰ বক্তব্য বা পৰিচ্ছেদৰ আগেয়ে উল্লেখ কৰা

English: forementioned
উকিল জাতিবাচক বিশেষ্য

আইন সেৱা আগবঢ়োৱা আৰু আদালত বা ন্যায়ালয়ত ওকালতি কৰা লোক|

English: advocate English: lawyer English: barrister English: legal practitioner
উৎখাত কৃদন্ত বিশেষণ

কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।

English: devastated English: ruined English: dug up English: ravaged
এ টি এম সংজ্ঞাবাচক বিশেষ্য

কম্পিউটাৰৰ দ্বাৰা পৰিচালিত আৰু চৌবিশ ঘ্ণ্টা সেৱা আগবঢ়োৱা বেঙ্কৰ এটা আধুনিক ব্যৱস্থা ৷ ইয়াৰ সহায়ত আঁতৰৰ বেঙ্কত জমা থকা টকা উলিওৱাৰ লগতে জমা কৰিব পৰা হয় ৷

English: ATM English: Automated Teller Machine
উগ্ৰপন্থী জাতিবাচক বিশেষ্য

ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে উগ্ৰ, চৰম আৰু যুদ্ধংদেহী পন্থা লোৱা ব্যক্তি ৷

English: extremist