Assamese (অসমীয়া) Dictionary

Showing 310 lexicographical entries

অচিৰ প্ৰকৃত বিশেষণ

অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।

English: ephemeral English: short-lived English: temporary English: momentary
অজ্ঞ প্ৰকৃত বিশেষণ

যাৰ শিক্ষা অথবা জ্ঞানৰ অভাৱ।

English: ignorant
অজ্ঞান গুণবাচক বিশেষ্য

অচেতন হৈ পৰা অৱস্থা; সাধাৰণতে মগজুত তেজৰ প্ৰবাহ কম হলে হ’ব পাৰে |

English: faint English: swoon English: senseless English: syncope
অজস্ৰ প্ৰকৃত বিশেষণ

বিশাল সংখ্যা বা পৰিমাণত

English: many English: much English: more English: several
অজাত প্ৰকৃত বিশেষণ

পুলি নোহোৱা বীজ ৷

English: unborn
অঞ্চল গুণবাচক বিশেষ্য

নিৰ্দ্দিষ্ট গুণাগুণ বিশিষ্ট এক ভৌগোলিক পৰিসীমা|

English: area English: circle English: region English: zone
বামুণভেকোলা জাতিবাচক বিশেষ্য

বৰ ডাঙৰ জাতৰ পানী বেং৷ সাধাৰণতে বাৰিষা কালত কোনো পুখুৰীত থাকি বৰ ডাঙৰ শব্দ কৰি ৰাতি মাতি থাকে৷ ইয়াক কোনো কোনো দেশত খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়৷

English: bullfrog
অট্টালিকা বস্তুবাচক বিশেষ্য

সাধাৰণতে বহু খলপীয়া, ছাদ/চাল আৰু দুৱাৰ-খিৰিকি থকা, মানুহ থাকিবলৈ, আমোদ-প্ৰমোদৰ বাবে বা কোনো উত্পাদনৰ বাবে আদি বিভিন্ন কামত ব্যৱহাৰ কৰা, এক নিৰ্দিষ্ট সীমাৰ ভিতৰত সজা, আপেক্ষিকভাৱে স্থায়ী আৰু বৃহত্ ঘৰ ৷

English: building English: edifice English: mansion
অণু প্ৰকৃত বিশেষণ

অতি ক্ষুদ্ৰ বা সৰু; বৰ মিহি ৷

English: minute English: miniature English: subtle English: molecule
অত প্ৰকৃত বিশেষণ

উল্লেখ কৰিবলগীয়া বা কৰিবলগীয়া বা প্ৰয়োজনত যিমান দৰকাৰ সিমানখিনি৷

English: so much
পৰশ কৃদন্ত বিশেষ্য

কোনোবা/কিহবাৰ গাত মৃদুভাৱে হাত বা আন অঙ্গ লগোৱা কাৰ্য্য

English: touch
অত্যাৱশ্যকীয় প্ৰকৃত বিশেষণ

যিটো অতি দৰকাৰী বা যাক বাদ দিব নোৱাৰি

English: indispensable
বাসন্তী প্ৰকৃত বিশেষণ

কমলা বৰণৰ, অৰ্থাত্ ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত সৃষ্টি হোৱা ৰঙৰ; অস্তমিত সূৰ্য্যৰ ৰং

English: orange English: Durga English: vernal
অতিথি জাতিবাচক বিশেষ্য

আনৰ ঘৰ বা আয়োজিত অনুষ্ঠানত যি অভ্যৰ্থনা পোৱাৰ যোগ্য

English: guest English: visitor
অতিশয় প্ৰকৃত বিশেষণ

আশা কৰাতকৈ বা লগাতকৈ বেছি৷

English: marked English: excessive English: extreme English: pronounced
অতিৰঞ্জিত কৰ্ সকৰ্মক ধাতু

বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্

English: exaggerate English: magnify
অতিৰিক্ত প্ৰকৃত বিশেষণ

প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷

English: excessive English: additional English: surplus English: extra
অথবা যোজক অব্যয়

দুই বা ততোধিক সমান বিকল্পক সংযোগ কৰা শব্দ

English: or
কৰচ্ সকৰ্মক ধাতু

কৰ-কৰ শব্দ কৰি চোবোৱা

English: gnaw English: gnash
অধীক্ষক জাতিবাচক বিশেষ্য

তদাৰকৰ দায়িত্ববাহী বিষয়া বা ব্যক্তি, উৰ্দ্ধতন কাৰ্য্যনিৰ্বাহক

English: superintendent
অধম প্ৰকৃত বিশেষণ

গুণাগুণ বা মানৰ ক্ষেত্ৰত অতি তলখাপৰ।

English: inferior English: ignoble
অধ্যক্ষ জাতিবাচক বিশেষ্য

কোনো সভা, কমিটি বা অনুস্থানৰ মুখ্য বিষয়া৷

English: chairman English: speaker English: principal
অধ্যয়ন গুণবাচক বিশেষ্য

পঢ়ি আৰু লিখি জ্ঞান আহৰণ কৰা

English: study English: reading
অধ্যাপক জাতিবাচক বিশেষ্য

মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়োৱা শিক্ষক ৷

English: professor
অধ্যাভূতি গুণবাচক বিশেষ্য

কোনো কোম্পানীয়ে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সময়ত গ্ৰাহক নিদিষ্ট সময়ৰ ভিতৰত সামগ্ৰীটো বেয়া হ’লে কোনো ধৰণৰ অৰ্থ নোলোৱাকৈ তাক ভাল কৰি দিবলৈ বা সলনি কৰি দিবলৈ প্ৰদান কৰা অঙ্গীকাৰ৷

English: warranty