Assamese (অসমীয়া) Dictionary

Showing 310 lexicographical entries

আখৰা কৃদন্ত বিশেষ্য

পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।

English: practice English: exercise English: rehearsal
আগজাননী গুণবাচক বিশেষ্য

সম্ভাৱ্য বিপদ সম্পৰ্কে আগতীয়াকৈ দিয়া তথ্য বা পৰামৰ্শ।

English: warning English: caution English: projections English: prediction
আগত প্ৰকৃত বিশেষণ

নিজে মুখ কৰি থকা দিশৰ কোনো এঠাইত ৷

English: in front English: present English: arrived English: upcomming
আগ্নেয় প্ৰকৃত বিশেষণ

অগ্নিৰ দৰে বা অগ্নিৰ সৈতে সম্পৰ্ক থকা

English: fiery English: flaming English: igneous
আগ্নেয়গিৰি বস্তুবাচক বিশেষ্য

পৰ্ব্বতৰ টিং অথবা কোনো গ্ৰহৰ উপৰিপৃষ্ঠত থকা গাঁত বা ফাট, য’ৰ পৰা জুই, জুলীয়া ধাতু, শিল, বালি (একেলগে লাভা বুলি কোৱা হয়) আদি কেতিয়াবা কেতিয়াবা নিৰ্গত হয় ৷

English: volcano
আগ্নেয়াস্ত্ৰ বস্তুবাচক বিশেষ্য

বন্দুক, পিষ্টল বা আন তেনে প্ৰকাৰৰ আহিলা য’ত খাৰ-বাৰুদ আদিৰ প্ৰজ্বলন হোৱাৰ ফলত তীব্ৰ গতিৰে গুলীটো নলীৰে ওলাই যায় ৷

English: fire arms
আগবাঢ় অকৰ্মক ধাতু

আগলৈ যোৱা

English: advance English: progress English: go forward English: proceed
আগ্ৰহ গুণবাচক বিশেষ্য

কৰিবলৈ বিছৰা বা কৰি ভাল পোৱা

English: interest English: eagerness English: intent English: willingness
আগ্ৰহী প্ৰকৃত বিশেষণ

ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা

English: interested English: keen English: eager English: fervent
আঘাত বস্তুবাচক বিশেষ্য

কটাৰ কাৰণে হোৱা ক্ষতি

English: wound English: injury English: bruise English: hurt
আঙুলি বস্তুবাচক বিশেষ্য

হাত বা ভৰিৰ একেবাৰে আগত বা প্ৰান্তত থকা অংশ

English: finger
আচঁ বস্তুবাচক বিশেষ্য

কোনো পৃষ্ঠৰ ওপৰত কলম, পেঞ্চিল বা তেনে সঁজুলিৰে অঁকা দাগ, যাৰ দীঘ প্ৰস্থ অনুপাতে বেছি

English: line
আচহুৱা প্ৰকৃত বিশেষণ

আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা

English: strange English: surprising English: bizzare English: extraordinary
আচাৰ গুণবাচক বিশেষ্য

এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।

English: behavior English: treatment English: behaviour English: conduct
আচৰিত হ অকৰ্মক ধাতু

হঠাতে অতি আশ্চৰ্য্য-চকিত হোৱা

English: amaze English: surprise English: astonish English: bewilder
আছে ভাৱবোধক অব্যয়

কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ

English: yes
আগফাল গুণবাচক বিশেষ্য

আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷

English: front English: progressive
নিয়োগ কৰ্ সকৰ্মক ধাতু

কোনো ব্যক্তিক আনুষ্ঠানিক পদবীত সংস্থাপিত কৰা।

English: appoint English: employ English: hire English: engage
আজি প্ৰকৃত বিশেষণ

বক্তাই কৈ থকা সময়ত চলি থকা দিনটো

English: today
আজিকালি ক্ৰিয়া বিশেষণ

বৰ্তমান সময়ক ধৰি তাৰ আগৰ আৰু পিছৰ সময়খিনি ৷

English: now-a-days
আঁট্ সকৰ্মক ধাতু

জৰী জোৰকৈ টানি বান্ধ্ ৷

English: tighten English: fasten
আঠ গুণবাচক বিশেষ্য

সাত আৰু এক যোগ কৰিলে পোৱা যুগ্ম সংখ্যা ৷

English: eight English: octa
আততায়ী জাতিবাচক বিশেষ্য

ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে উগ্ৰ, চৰম আৰু যুদ্ধংদেহী পন্থা লোৱা ব্যক্তি ৷

English: extremist English: assailant English: attacker English: assaulter
আত্মবিশ্বাস গুণবাচক বিশেষ্য

নিজৰ ওপৰত থকা বিশ্বাস, আস্থা ৷

English: confidence English: selfconfidence English: self-confidence
আত্মসন্মান গুণবাচক বিশেষ্য

নিজৰ চৰিত্ৰ, আচৰণক কৰা মান-সন্মান

English: self-respect English: self-esteem