Assamese (অসমীয়া) Dictionary

Showing 310 lexicographical entries

আত্মা গুণবাচক বিশেষ্য

এজন ব্যক্তিৰ আধ্যাত্মিক সত্তা।

English: soul English: spirit
আঁতৰ কৰ্ সকৰ্মক ধাতু

উপাদান সমূহ বেলেগ বেলেগ কৰি পেলা

English: part English: separate
আৰ্দ্ৰতা গুণবাচক বিশেষ্য

বায়ু/বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ

English: humidity
আদা জাতিবাচক বিশেষ্য

দক্ষিণ-পূৱ এছিয়াৰ উষ্ণ মণ্ডলত উপলভ্য জিঞ্জিবাৰ অফিচিনেলি প্ৰজাতিৰ অন্তৰ্গত, ঈষত্ হালধীয়া-সেউজীয়া ৰঙৰ ফুল ফুলা আৰু এক বিশেষ গোন্ধযুক্ত এজোপা গছ বা তাৰ শিপা

English: ginger English: gingerroot English: Zingiber officinale
আদি গুণবাচক বিশেষ্য

একে ধৰণৰ বিশেষভাবে চিনাক্ত নকৰা ইটো-সিটো ৷

English: etc English: etcetera English: source English: origin
আদিম প্ৰকৃত বিশেষণ

অতীত কালৰ সৈতে সম্বন্ধ থকা

English: ancient English: old English: antique English: aged
আদেশ গুণবাচক বিশেষ্য

এক কৰ্ত্তৃত্বদৰ্শী নিৰ্দ্দেশনা বা শাসনৰ সুৰত দিয়া নিৰ্দেশ।

English: order English: command English: summon English: mandate
আদৰ্শ গুণবাচক বিশেষ্য

ক্ষীপ্ৰ, সতৰ্ক বা সুবিধাজনক ৰূপে বিবেচিত এক কাৰ্য্যাৱলী, পথ নিৰ্দেশিকা বা প্ৰণালী

English: policy English: principle English: ideal English: model
আধিপত্য গুণবাচক বিশেষ্য

এজনৰ আনজনৰ ওপৰত ক্ষমতা বা কৰ্ত্তৃত্ব

English: ownership English: supremacy English: mastery English: hegemony
আন্ সকৰ্মক ধাতু

কওঁতাৰ ফালে কোনো বস্তু লৈ যোৱা

English: bring
আন্দোলন গুণবাচক বিশেষ্য

ব্যক্তিগত বা সামূহিকভাৱে প্ৰদৰ্শন কৰা অসন্মতি বা অসন্তুষ্টি

English: movement English: protest English: agitation English: commotion
আনন্দ গুণবাচক বিশেষ্য

আনন্দিত, আমোদিত বা সন্তুষ্ট হোৱা অৱস্থা

English: pleasure English: happiness English: joy English: delight
আপত্তি গুণবাচক বিশেষ্য

অসন্তুষ্টি বা নিৰানন্দ প্ৰকাশ।

English: complain English: objection English: grievance English: complaint
আপুনি সৰ্বনাম

যাৰ লগত কথা পতা হৈছে, তেওঁক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ|

English: you
আপেল জাতিবাচক বিশেষ্য

সৰল পাত আৰু বগা বা গুলপীয়া ৰঙৰ ফুল ধৰা, ইউৰোপ আৰু এছিয়াত উপলব্ধ এক পৰ্ণপাতী উদ্ভিদৰ খাব পৰা এক সুস্বাদু ফল।

English: apple
আপোনাৰ সৰ্বনাম

কোনো ব্যক্তি বা বস্তুৰ, একেটাৰ বা একেজনৰ, অৰ্থাৎ নিজৰ।

English: own English: ownself English: your English: to you
আবণ্টন কৃদন্ত বিশেষ্য

কোনো নিয়ম অনুসৰি অথবা কোনো বিশেষ কাৰণত বিলাই দিয়া কাৰ্য্য

English: allocation
আৱিষ্কাৰ গুণবাচক বিশেষ্য

কোনোৱে আগেয়ে নেদেখা, নুশুনা বা মন নকৰা কথা বা বস্তু বিছাৰি উলিওৱা

English: discovery English: invention Mising: Karyinam Mising: Iknam
আবিৰ্ভাৱ হ কৃদন্ত বিশেষ্য

ক’ৰবাৰ পৰা আহি পোৱা কাৰ্য্য

English: appear English: seem English: appearance
আবেলি গুণবাচক বিশেষ্য

দুপৰীয়াৰ পৰা সূৰ্য্যাস্তলৈকে সময়ছোৱা|

English: afternoon
আবৰ্জনা বস্তুবাচক বিশেষ্য

নলগা বা নিবিছৰা যিকোনো বস্তু

English: garbage English: trash English: waste English: junk
আম জাতিবাচক বিশেষ্য

ডাঙৰ ডিম্বাকাৰ ফলৰ বাবে খেতি কৰা গ্ৰীষ্মপ্ৰধান অঞ্চলৰ চিৰসেউজ এবিধ গছ ৷ ফলবোৰৰ নিমজ বাকলি, ৰসাল সুগন্ধী শিঠা আৰু ডাঙৰ আঁহযুক্ত গুটি থাকে ৷

English: mango English: mangifera indica English: mucus
আমদানি কৰ্ সকৰ্মক ধাতু

বেলেগ দেশ বা অঞ্চলৰ পৰা সামগ্ৰী অনা

English: import
আমাৰ সৰ্বনাম

বহুবচনত প্ৰথম পুৰুষৰ বা নিজৰ বুজোৱা শব্দ

English: our
আমি সৰ্বনাম

মই শব্দৰ বহুবচন|

English: we