Multilingual Dictionary

Showing 632 lexicographical entries

অভিনায়ক জাতিবাচক বিশেষ্য

নাটকত ভাও লওঁতা

English: actor
অভিনেতা জাতিবাচক বিশেষ্য

নাটকত ভাও লওঁতা

English: actor
অভিনৱ প্ৰকৃত বিশেষণ

বাকীবোৰতকৈ পিছত তৈয়াৰ কৰা বা ওলোৱা; আগতে কেতিয়াও নোহোৱা৷

English: new English: fresh English: novel English: innovative
অভিভূত কৃদন্ত বিশেষণ

যি কোনো যুদ্ধ বা খেলত হাৰিছে

English: defeated English: conquered English: unstable English: restless
অভিমূখ গুণবাচক বিশেষ্য

কোনো বস্তু যি ৰেখাত অৱস্থিত, অথবা যি ৰেখাৰ ফালে মুখ কৰি আছে বা গতি কৰিছে|

English: direction
অভিমত গুণবাচক বিশেষ্য

কোনো বিষয় সংক্ৰান্তত এজনে যি ভাৱে বা বিশ্বাস কৰে।

English: view English: vote English: opinion English: viewpoint
অভিযুক্ত জাতিবাচক বিশেষ্য

যাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে ।

English: accused English: defendant
অভিযান গুণবাচক বিশেষ্য

কিবা বিচাৰি কৰা যাত্ৰা

English: odessey English: exploration English: adventure English: expedition
অভিযোগ গুণবাচক বিশেষ্য

অসন্তুষ্টি বা নিৰানন্দ প্ৰকাশ।

English: complain English: objection English: grievance English: complaint
অভিহিত প্ৰকৃত বিশেষণ

আনুষ্ঠানিক ভাৱে কোনো পদবী বা খিতাপ দিয়া

English: designated
অভিৰক্ষা গুণবাচক বিশেষ্য

সীমিত সময়ৰ বাবে পুলিচ বা প্ৰশাসনৰ অধীনত থকা ৷

English: custody
অভ্ৰ গুণবাচক বিশেষ্য

ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি

English: sky English: van English: cloud English: silica
অমৃত বস্তুবাচক বিশেষ্য

যি দ্ৰব্যই অমৰত্ব দান কৰে।

English: nectar
অম্ল প্ৰকৃত বিশেষণ

নেমুটেঙাৰ দৰে মুখত চোকা লগা সোৱাদ ৷

English: sour English: tart English: acid
অম্লজান বস্তুবাচক বিশেষ্য

স্বাভাৱিক উষ্ণতাত গেছীয় অৱস্থাত থকা এক ৰাসায়নিক পদাৰ্থ ৷ পৃথিৱীৰ বায়ুমণ্ডলৰ ২১ শতাংশ এই গেছেৰে গঠিত আৰু ই সকলো জীৱ জীয়াই থকাৰ বাবে অপৰিহাৰ্য্য ৷

English: oxygen
অমূল্য প্ৰকৃত বিশেষণ

যাক ধনেৰে জুখিব নোৱাৰি; ইমানেই মূল্যবান যে কোনো মূল্যমান থিৰ কৰিব নোৱাৰি

English: priceless English: precious
অমায়িক প্ৰকৃত বিশেষণ

সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা

English: humble English: polite English: modest English: courteous
অমৰ গুণবাচক বিশেষ্য

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷

English: God English: almighty English: Jagannath English: immortal
অমৰা জাতিবাচক বিশেষ্য

অমৰা এবিধ সপুস্পক উদ্ভিদ। ই দক্ষিণ মেক্সিকোৰ পৰা পেৰু, ব্ৰাজিল, ৱেষ্ট ইণ্ডিজ আদিলৈকে বিয়পি আছে । আফ্ৰিকা, ভাৰত আৰু ইণ্ডোনেছিয়াতো এইবিধ গছ প্ৰাকৃতিক পৰিবেশত পোৱা যায়।ইয়াৰ ফলৰ বাকলিটো চামৰা সদৃশ আৰু তাৰ ভিতৰত এটা পাতল ৰসাল তৰপ থাকে। ৰসাল অংশখিনিৰ ৰস উলিয়াই, জেলী বনাই অথবা চৰবত বনাই খোৱা হয়। ইয়াৰ পাতৰ ৰস চকুৰ জ্বলাপোৰা, গ্ৰহণী আৰু যৌন সম্বন্ধীয় ৰোগত ভেষজ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অমৰাৰ বীজত প্ৰায় ৩১.৫ শতাংশ তেল পোৱা যায়।ঠাই বিশেষে ইয়াক বিভিন্ন নামেৰে জনা যায়। থাইলেণ্ডৰ বেংকক চহৰৰ নামটো অমৰাৰ পৰাই আহিছে বুলি সন্দেহ কৰা হয়। অমৰাক থাই ভাষাত মেকক বুলিও কোৱা হয়।

English: hogplum English: Mombin English: Spondias mombin English: Yellow mombin
অলংকাৰ বস্তুবাচক বিশেষ্য

(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি

English: jewellery English: ornament English: embellishment English: ornaments